Xopunor xunali xuhuri
Audio only

Xopunor xunali xuhuri

By ৰঞ্জু হাজৰিকাNarrated by Bishnujyoti Handique
Length6h 15m

About this audiobook

প্ৰেম কি যে এক সন্মোহনী শব্দ। ভাঁজে ভাঁজে লুকাই থাকে তাৰ যাদুময় চাৱনি, সুগভীৰ অন্তৰ্দৃষ্টি। এই প্ৰেমে দিয়ে মানুহক সুন্দৰৰ চেতনা, গভীৰ জীৱনবোধ পত্নী অৰুণিমাৰ চিঞৰ বাখৰত বিনোদ দত্তই গাঁৱৰ পৰা লৈ আহে জয়াক। খুব কম সময়ৰ ভিতৰতে জয়াই বিনোদ দত্তৰ ঘৰখনক আপোন কৰি লয়। লাহে লাহে যেন জয়াৰ অবিহনে বিনোদ দত্তৰ ঘৰখন অচল হৈ পৰে। বিনোদ দত্ত, পত্নী অৰুণিমা, দুই পুত্ৰ অনুপম আৰু ৰূপমৰ বাবে জয়া হৈ পৰে অপৰিহাৰ্য। কিন্তু তাৰ মাজতে যেন ক'ৰবাত কিবা এটা লুকাই থাকে। বিনোদ দত্তৰ জীয়ৰী উপা আৰু উপাৰ শাহুৱেকে সাৱধান কৰি যায় অৰুণিমাক। দুটাকৈ ডেকা ল'ৰা থকাৰ ঘৰখনত জয়াৰ দৰে গাভৰু এজনী ৰখাটো উচিত হোৱা নাই। তাৰ পিছতেই সলনি হয় কথাবোৰ। জয়া নহ'লে এখোজো নচলা ঘৰখনৰ পৰা এদিন জয়াক ঘৰত থৈ অহা কাৰ্যত আচৰিত হৈ পৰে ৰূপম। মাথোঁ আচৰিত হোৱাই নহয় সি জয়াক আনিবলৈ বুলি গাঁৱলৈ ঢাপলি মেলে। কিন্তু তাত ৰূপমৰ বাবে অপেক্ষা কৰি থাকে আন এক আশ্চৰ্যই। জয়া অন্তঃসত্বা। কিন্তু কেনেকৈ? কাৰ বাবে হ'ল জয়াৰ এই অৱস্থা? কোন আছিল জয়াৰ সেই প্ৰেমিক? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'সপোনৰ সোণালী সুহুৰি'।

Audiobook details

GenreFantasy, General Fiction
Length6 hrs 15 mins
Narrated byBishnujyoti Handique
FormatAudiobook
Publish dateOct 12, 2021

More from ৰঞ্জু হাজৰিকা