Length22h 54m

About this audiobook

সাহিত্যই জীৱনৰ সৰ্বস্ব নহয়। জীৱন তাতোকৈ ডাঙৰ। নিজৰ পথেৰে এটা পৰিপূৰ্ণ জীৱন যাপন কৰাটো সহজ সাধ্য নহয়। জীৱনৰ পথ বিপদ সংকুল। কিন্তু ইনাই বিনাই কান্দিলে বা কাকূতি মিনতি কৰিলে বিপদে জানো বাট এৰি দিব। ভয়ঙ্কৰ বিপদ বা দুৰ্ভাগ্যক প্ৰত্যাহ্বান জনাই হাঁহি হাঁহি জীৱনৰ পথত আগুৱাই যাব পৰাটোৱেহে আচল কথা। মানৱ জীৱন লক্ষ্যহীন হ'লে মানুহৰ বিবৰ্তনো স্তব্ধ হৈ গ'লহেতেঁন। আনহাতে জীৱনৰ যদি লক্ষ্য থাকে তেন্তে সি কেতিয়াও অৰ্থহীন হ'ব নোৱাৰে। জীৱনৰ ঘাট প্ৰতিঘাত, প্ৰত্যাহ্বানক হাঁহি হাঁহি আদৰি লৈ জীৱনত কেনেকৈ আগবাঢ়ি যাব পাৰি তাৰেই যেন মূলমন্ত্ৰ ৰচিত হৈছে এই আত্মজীৱনীমূলক গ্ৰন্থ খনিত। লগতে সন্নিৱিষ্ট হৈছে ১৯৫০ চনৰ পৰা ২০০০ চনলৈকে হোমেন বৰগোহাঞিয়ে লিখা বহুকেইটা গল্প, কবিতা, প্ৰৱন্ধ।

Audiobook details

GenreBiography and Memoir, Literary Classics
Length22 hrs 54 mins
Narrated byRJ Tarun
FormatAudiobook
Publish dateJul 3, 2021

More from হোমেন বৰগোহাঞি