Rajanigandhar Sokulu
Audio only

Rajanigandhar Sokulu

By চৈয়দ আব্দুল মালিকNarrated by Tarun Gogoi
Length4h 28m

About this audiobook

ষাঠিৰোৰ্দ্ধ ৰায়বাহাদুৰ সূৰ্য্যপ্ৰসাদ দত্ত। পো-বোৱাৰী, নাতি-নাতিনীৰে ভৰপূৰ সংসাৰ সূৰ্য্যপ্ৰসাদৰ। প্ৰথমা পত্নী মৃত, দ্বিতীয়া পত্নী সন্তানহীনা। তৃতীয়া পত্নী কামনা দেৱীৰ লগত আকৌ তেখেতৰ বয়সৰ সাংঘাটিক তফাৎ। বহু কেইখন বাগিচাৰ মালিক সূৰ্য্যপ্ৰসাদে বয়স হৈ অহাৰ বাবে বৰপুত্ৰক দায়িত্ব দিয়ে ঘৰৰ পৰা অলপ আঁতৰত থকা শালনি বাগিছাৰ। ইফালে বৰ পুত্ৰ হৃদয়াৰ লগত সকলো সময়তে থাকিবলৈ ভাল পায় তেওঁৰ দ্বিতীয় পুত্ৰ আনন্দ। সেই লৈ কামনা দেৱীৰ মনত অশান্তি। আনহাতে বৰ বোৱাৰী পাৰিজাতৰ ৰূপ লৈও অশান্ত হৈ পৰে কামনা দেৱী। কিন্তু তেওঁ ভবাৰ দৰে কাম হৈ নুঠে। হৃদয়া, পাৰিজাত আৰু আনন্দ শালনি বাগিচাত থাকিবলৈ লয়। তাৰ পিছতে উন্মোচন হয় কিছু নতুন কথা, নতুন কাহিনী। কাহিনীৰ মাজত আহি পৰে অবিনাশ নামৰ হৃদয়াৰ এজন বন্ধু, আহি পৰে বাগানৰ বনুৱা ছোৱালী তগৰ। বাগানৰ উত্থান-পতন, বাগানীয়া জীৱনৰ দুখ-যন্ত্ৰণা, মালিক আৰু কুলিৰ মাজৰ তিতা মিঠা অভিজ্ঞতাৰে পৰিপূৰ্ণ এক কাহিনীত আৰু এটা উল্লেখযোগ্য চৰিত্ৰ বাগানৰ মেনেজিং ডাইৰেক্টৰ মনোহৰ ভাটিয়া। মনোহৰ ভাটিয়াৰ আগমনে কাহিনীত আনি দিয়ে টুইষ্ট। কি এই টুইষ্ট? এই সকলোখিনি জানিবলৈ শুনক উপন্যাস সম্ৰাট চৈয়দ আব্দুল মালিকৰ এখন বহুলপঠিত উপন্যাস 'ৰজনীগন্ধাৰ চকুলো', একমাত্ৰ ষ্টৰীটেলত।

Audiobook details

GenreFantasy, General Fiction
Length4 hrs 28 mins
Narrated byTarun Gogoi
FormatAudiobook
Publish dateAug 25, 2021

More from চৈয়দ আব্দুল মালিক

You may also like