Duração1h 59m
Sobre este audiolivro
কবিতা লিখি ভালপোৱা এজন যুৱক দিহাং। কিন্তু কালক্ৰমত কেৱল কবি হৈ নাথাকিল দিহাং। এহাতত মৰণাস্ত্ৰ আৰু আনখন হাতত কলম তুলি লোৱা বিপ্লৱী কবি দিহাং চৰকাৰৰ বাবে হৈ পৰিছিল সন্ত্ৰাসবাদী। মাতৃ - প্ৰেমিকাক এৰি ভূটানৰ কেম্পত সতীৰ্থৰ সৈতে পাৰ কৰা দিহাঙৰ সময়বোৰ কেনে আছিল বাৰু? সতীৰ্থক কথা দি হৰিণ চিকাৰ কৰিবলৈ যোৱা দিহাঙৰ বন্দুকৰ গুলীত আঘাটপ্ৰাপ্ত হৰিণী পোৱালিজনী লৈ অনুতপ্ত হোৱা দিহাঙৰ মনৰ ভিতৰখনত কেনে ধৰণৰ ধুমুহা বলিছিল? মৰম-আদৰেৰে আঘাটপ্ৰাপ্ত হৰিণীজনীক সুস্থ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল দিহাঙে। তাইৰ নাম দিছিল অসমী। কিন্তু সদায় জানো অসমীক লগত ৰাখিব পাৰিলে দিহাঙে? দিহাঙৰ বা শেষ পৰিণতি কি হ'ল? সতীৰ্থ নয়ন, গোভা আদিকে ধৰি বাকীসকলৰ কি হ'ল?
এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় কথাশিল্পী গীতালি বৰাৰ উপন্যাস 'ডঁৰিয়লি'।
Detalhes do audiolivro
Avaliação★★★★ 4,4 (22)
Inclui Goodreads, Amazon
GêneroGeneral Fiction
Duração1 h 59 min
Narrado porTarun Gogoi
FormatoAudiolivro
Data de publicação15 de jan. de 2021
